পূব বৰপেটাঃ মাত্ৰ ৯ মাহতে জহি-খহি গৈছে ৫০ লাখটকীয়া পথ । পূব-বৰপেটাৰ গূৰুত্বপূৰ্ণ পথসমূহৰ ভিতৰত অন্যতম গূৰুত্বপূৰ্ণ পথ হৈছে চেঙা বহৰি পথছোৱা । বৰপেটা-দৌলাশাল -হীজো-গুৱাহাটী গড়কাপ্তানি পথৰ সৈতে সংযোগ এই চেঙা-বহৰি পথটোৰ সামগ্ৰিক দুৰৱস্থাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ প্ৰতিজন লোকে যন্ত্ৰণাৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে ।

মাত্ৰ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো জহি-খহি যোৱাৰ লগতে পথৰ মাজতে সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত । চেঙা সমষ্টিৰ বাণিজ্যিক কেন্দ্ৰ তাৰাবাৰীলৈকে প্ৰতিদিনে এই পথটোৰে গাড়ী-মটৰৰেৰে বহুসংখ্যক লোকে অহা যোৱা কৰে । আনহাতে¸ স্কুল অথবা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও গাড়ী-মটৰ অথবা চাইকেলেৰে এই পথটোৰে প্ৰতিদিনে যাতায়াত কৰি আহিছে¸ কিন্তু পথটোৰ শোচনীয় অৱস্থাৰ ফলত এনেদৰে যাতায়াত কৰা লোক সকলে দৈনন্দিন যাত্ৰা বিষময় তথা বিৰক্তিকৰ হৈ উঠিছে ।

উল্লেখ্য যে তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰিত আছে অগ্নিনিৰ্বাপক কাৰ্যালয়। বহৰি¸চেঙা আৰু ইয়াৰ আশে-পাশে জুই লাগিলে প্ৰথম অৱস্থাত এই কাৰ্যালয়ৰ পৰাই জুই নুমোৱা গাড়ী ৰাওনা হয় । কিন্তু পথটোৰ দুৰৱস্থাৰ ফলতে সময় মতে ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ শেষ সময়ছোৱাত অৰ্থাৎ প্ৰায় ৯ মাহ পূৰ্বে ৫০ লাখ টকাৰ ব্যয়সাপেক্ষে এই পথটোৰ মেৰামতি কৰা হৈছিল । কিন্তু ৯ মাহৰ ভিতৰতে পথটো জহি-খহি গৈ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা কথাটোৱে স্থানীয় দল-সংগঠনৰ লগতে সচেতন মহলক আচৰিত কৰি তুলিছে ।

জানিব পৰা মতে¸ এই পথটোৰ মেৰামতিৰ দায়িত্ব লাভ কৰিছিল গোলাপ হুছেইন নামৰ এজন ঠিকাদাৰে। এই ঠিকাদাৰজন বিধায়ক শুকুৰ আলীৰ আত্মীয় হোৱাৰ সুবাদতে পথটোৰ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি তথা খেলি-মেলি সংঘটিত কৰাৰ বাবে পথটোৱে এনেদৰে ৯ মাহৰ ভিতৰতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে বুলি বিভিন্ন দল-সংগঠনৰ লগতে চেঙা আঞ্চলিক কৃষক মুক্তিয়ে অভিযোগ উথাপন কৰিছে ।

ইফালে¸ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা এই পথটোৰে অনুমতি অবিহনে নিশাৰ ভাগত প্ৰতিদিনে প্ৰায় ১০-১২ খনকৈ বাৰচকীয়া ট্ৰাক অহা-যোৱা বাবেই পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে বুলি চেঙা আঞ্চলিক কৃষক মুক্তিয়ে জানিবলৈ দিছে । চেঙা আঞ্চলিক কৃষক মুক্তিয়ে জানিবলৈ দিয়া অনুসৰি¸ বহৰিত গঢ় লৈ উঠা চোৰাং কাঠৰ ব্যৱসায়ৰ বাবেই নিশাৰ ভাগত এই পথটোৰে বহৰিলৈ চোৰাং কাঠ কঢ়িওৱা বাৰচকীয়া ট্ৰাক প্ৰতিদিনে ১০-১২ খনকৈ প্ৰৱেশ কৰে।

ৰাইজৰ দীৰ্ঘদিনীয়া দুৰ্ভোগ আঁতৰ কৰাৰ বাবে চেঙা আঞ্চলিক কৃষক মুক্তিয়ে পথটোৰ পুনৰ মেৰামতি কৰিবলৈ শীঘ্ৰে দাবী জনাইছে চৰকাৰক । লগতে এই পথটোৰে চোৰাং কাঠ কঢ়িওৱা গধুৰ ট্ৰাকসমূহৰ যাতায়াত বন্ধ কৰি দিবলৈ দাবী জনাইছে । অন্যথা বৃহত্তৰ চেঙাবাসীৰ সহযোগত কৃষক মুক্তিয়ে আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি দিয়ে ।