পূব বৰপেটাঃ মাত্ৰ ৯ মাহতে জহি-খহি গৈছে ৫০ লাখটকীয়া পথ । পূব-বৰপেটাৰ গূৰুত্বপূৰ্ণ পথসমূহৰ ভিতৰত অন্যতম গূৰুত্বপূৰ্ণ পথ হৈছে চেঙা বহৰি পথছোৱা । বৰপেটা-দৌলাশাল -হীজো-গুৱাহাটী গড়কাপ্তানি পথৰ সৈতে সংযোগ এই চেঙা-বহৰি পথটোৰ সামগ্ৰিক দুৰৱস্থাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ প্ৰতিজন লোকে যন্ত্ৰণাৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে ।
মাত্ৰ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো জহি-খহি যোৱাৰ লগতে পথৰ মাজতে সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত । চেঙা সমষ্টিৰ বাণিজ্যিক কেন্দ্ৰ তাৰাবাৰীলৈকে প্ৰতিদিনে এই পথটোৰে গাড়ী-মটৰৰেৰে বহুসংখ্যক লোকে অহা যোৱা কৰে । আনহাতে¸ স্কুল অথবা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও গাড়ী-মটৰ অথবা চাইকেলেৰে এই পথটোৰে প্ৰতিদিনে যাতায়াত কৰি আহিছে¸ কিন্তু পথটোৰ শোচনীয় অৱস্থাৰ ফলত এনেদৰে যাতায়াত কৰা লোক সকলে দৈনন্দিন যাত্ৰা বিষময় তথা বিৰক্তিকৰ হৈ উঠিছে ।