টিংখাংঃ ৰাজ্য চৰকাৰে একেটা বিভাগৰ দ্বাৰা চলাইছে দুটাকৈ বিভাগৰ কাম৷ চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হতুৱাই কৰি আহিছে কৃষি বিভাগৰো কাম৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ পানী যোগান আঁচনিৰ চৌহদত বিভাগে আঁচনি চোৱা-চিতাৰ বাবে নিয়োগ কৰা কৰ্মচাৰীসকলে আঁচনিসমূহৰ চৌহদত কচু, লাও আদিৰ খেতি কৰি সময় অতিবাহিত কৰি আহিছে৷
ভালুকৰ সাঙীত পৰিণত হোৱা ৰাজ্যৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিসমূহৰ কৰ্মচাৰীয়ে এতিয়া কৃষি বিভাগৰ হে কাম কৰি থকা দেখা গৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি সমূহ কৰবাত যদি হাবি জংঘলে আৱৰি ধৰিছে আন কৰবাত আঁচনিৰ চৌহদত লাও, বেঙেনা, কোমোৰাৰ খেতি কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে৷