78
খাৰুপেটীয়াঃ চৰকাৰৰ ভৰষা এৰি অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে দলং৷ দৰঙৰ দলগাঁও সমষ্টিৰ ধৰণীপুৰৰ ৰাইজে দিনৰ দিনটো লঘোনে-ভোকে থাকি শ্ৰমদানেৰে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰে।
দলগাঁও সমষ্টিটোৰ আৰিমাৰী গাঁও-পঞ্চায়তৰ ধৰনীপুৰ গাওঁখনৰ মাজেৰে বৈ গৈছে খোকাজানী নৈ। বিগত ২০-২৫ বছৰ ধৰি নৈ খনৰ ওপৰত যাতায়তৰ বাবে নাই কোনো দলং বা বাঁহৰ সাঁকো যাৰ বাবে গঞা ৰাইজ তথা অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে।