জয়সাগৰঃ ৩০০ কোটিৰ কেলেংকাৰিৰ তদন্তৰ দাবী উত্থাপন কৰি আজি কেইবাশতাধিক লোকে কপালে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ৷ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু ভূমি অধিগ্ৰহণৰ নামত শিৱসাগৰ জিলাত ৩০০ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ ৰাইজ আজি ওলাই আহে ৰাজপথলৈ৷
ৰাইজে কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলাৰ যৌথ সংগ্ৰামী মঞ্চৰ নেতৃত্বত ওলাই আহি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমবেত হয়৷ চৰকাৰ বিৰোধি বিভিন্ন শ্ল’গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে।