কামপুৰঃ গো ৰক্ষাৰ নামত দেশত আজিও অব্যাহত আছে মাৰ-ধৰ৷ একাংশ হিন্দুত্ববাদী সংগঠনে গো হত্যা ৰোধ কৰাৰ নামত হাতত আইন তুলি লৈ মানুহক আক্ৰমণ কৰে৷ যাৰ ফলত কেইবাগাৰকী লোকৰ মৃত্যুও হৈছে৷ দেশৰ সংসদত শাসকীয় বিজেপি দলক বিভিন্ন দলে উভতি ধৰাৰ লগতে ব্যাপক সমালোচনাৰ সন্মুখীন হয় বিজেপি দল৷ বিজেপি দলে নিৰ্বাচনৰ ইস্তাহাৰত গো ৰক্ষাৰ কথা উল্লেখো কৰিছিল৷
অসমত বছৰ বছৰ ধৰি অবৈধ গৰুৰ ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অসমৰ গৰু বাংলাদেশলৈ চালান হৈ অহাৰো অভিযোগ উত্থাপন হয়৷ অসমতো বিজেপিয়ে শাসনত অহাৰ পাছত গৰুৰ অবৈধ ব্যৱসায় বন্ধ হ’ব বুলি ধৰি লৈছিল৷ কিন্তু ব্যাপক হাৰত অবৈধ গৰুৰ ব্যৱসায় চলি থকা পৰিলক্ষিত হৈছে৷