ডিজিটেল ডেস্কঃ ৫ ছেপ্তেম্বৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক গৌৰী লংকেশৰ হত্যাকাৰীৰ স্কেচ প্ৰকাশ কৰিলে বিশেষ তদন্তকাৰী দলে। বাংগালুৰুত নিশা প্ৰায় ৮ বজাত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছিল জ্যেষ্ঠ মহিলা সাংবাদিকগৰাকীক। চহৰখনৰ ৰাজাৰাজেশ্বৰী নগৰত থকা নিজ বাসগৃহত গুলীয়াই হত্যা কৰে ‘Lankesh Patrike’ নামৰ এখন কানাড়া টেবলইড সম্পাদনা আৰু প্ৰকাশ কৰি উলিওৱা সাহসী সাংবাদিকগৰাকীক৷
গুলীয়াই হত্যাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বাংগালুৰুৰ আৰক্ষী আয়ুক্ত উপস্থতি হয় দিও আজিলৈ কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ সংবাদিকগৰাকীৰ হত্যাৰ পিছতে দেশ জুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে৷ তাৰ মাজতে শনিবাৰে বাংগালুৰৰ সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডত জড়িত দুই বাইক আৰোহীৰ স্কেচ প্ৰকাশ আৰক্ষীয়ে৷