মোৰাঝাৰঃ দেশ সেৱা কৰি অহাৰ লগতে বিভিন্ন মানৱ উন্নয়নমূলক কাম কৰি আহিছে সুৰক্ষা কৰ্মীসকলে৷ পুনৰ তেনে এক মানৱদৰদী কাম কৰি দেখুৱালে দেশৰ চি আৰ পি এফ জোৱানে৷ জন্মৰ পৰা ৫বছৰ বয়সলৈকে শিশু সকলক মাৰাত্মক পলিঅ’ ৰোগৰ পৰা বচাই ৰাখিবৰ বাবে দেশৰ স্বাস্থ্য বিভাগে পালছ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰি আহিছে৷
জীৱনদায়িনী দুটোপাল পলিঅ’ই শিশু সকলক মুক্ত কৰি ৰাখিব পাৰে পলিঅ’ ৰোগৰ পৰা৷ কিন্তু বহু সময়ত এই পলিঅ’ প্ৰতিষেধক খুওৱাৰ পৰা বিৰত থকা দেখা যায় অভিভাৱকসকলক৷ বিশেষকৈ গাঁও অঞ্চলত পিতৃ-মাতৃৰ অমনোযোগিতাতে ডাঙৰ হোৱা শিশুসকলে পলিঅ’ সেৱন কৰিবলৈ নোপোৱাৰ ফলত এই ৰোগৰ স্বীকাৰ হোৱা নজিৰ আছে৷