নতুন দিল্লীঃ এখন ৰঙা ৰঙৰ মাৰুতি ইক’ কাৰ! চি আৰ পি এফ ৫৭ খন বাছৰ বৃহৎ কনভয়ৰ সমান্তৰালকৈ বাওঁ দিশেৰে গতি কৰিছে এখন ৰঙা ৰঙৰ ইক’ গাড়ী৷ চি আৰ পি এফৰ ৩ নং বাছখনত থকা নিৰাপত্তাৰক্ষীয়ে অতি কমেও দুই-তিনিবাৰ ইক’ গাড়ীখনৰ চালকক আঁতৰি যাবলৈ চলন্ত বাছৰপৰাই নিৰ্দেশ দিছিল৷
কিন্তু চালকজনে নিৰাপত্তাৰক্ষীজনৰ কথাত গুৰুত্ব নিদি গাড়ীখন এবাৰ কনভয়ৰ ওচৰলৈ আনিছে আৰু এবাৰ আঁতৰাই লৈ গৈছে৷ এনেদৰে ইক’ ভেনখনৰ চালকজনে এক-দুই মিনিট গাড়ীখন ঢলং-পলংকৈ চলাই অৱশেষত তাৰ অসৎ উদ্দ্যেশ্য সফল কৰে৷