57
পুনেঃ শনিবাৰে পুৱতি নিশা পুনেৰ কণ্ডৱা অঞ্চলত পাৰ্কিং স্থানৰ এখন দেৱাল খহি পৰাত অতি কমেও ১৭ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত চাৰিটা শিশুও আছে।
উদ্ধাৰ কাৰ্য এতিয়াও অব্যহত আছে আৰু গুৰুতৰভাৱে আহত তিনিজন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভগ্নাৱশেষৰ তলত আৰু অধিক লোক সোমাই থকাৰ সন্দেহ কৰা হৈছে।