লংকাঃ ৰাজ পথত আঠুকাঢ়িছে এজন যুৱকে৷ ৰঙা ছিঙা পৰি আঠুকাঢ়ি থকা যুৱকজনে লাজ-মান কাটি কৰি আঠু কাঢ়িছে৷ কিয়নো তেও ছাত্ৰীক অশ্লীল ইংগিত দিছিল৷ কেৱল আঠু কঢ়াই নহয় কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত তথা অপহৰণৰ চেষ্টা চলাই ৰঙা ঘৰত সোমাল নগাঁৱৰ যুৱকজন৷
এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ কাকীত৷ নগাঁৱৰ বৰদোৱা আৰক্ষী চকীৰ অন্তৰ্গত চমকা গাঁৱৰ ইৱাদুল হুচেইন নামৰ এই যুৱকজনে কাকী বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত অধ্যায়নৰত এগৰাকী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল৷