পুৰণিগুদামঃ অসমৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত ৰাইজে আহি নিতৌ ভিৰ কৰিছে নগাঁৱৰ পুৰণিগুদাম। সম্প্ৰতি পুৰণিগুদামত অব্যাহত থকা শতবছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে বিভিন্ন জাতি-বৰ্ণ, ভাষা-ভাষীৰ লোকে ভিৰ কৰিছে বৰ মছজিদ প্ৰাংগণত।
অসমত আগেয়ে নোহোৱা এনে পৌৰাণিক কীৰ্তিস্তম্ভ স্থানান্তৰকৰণ প্ৰক্ৰিয়া ওপৰত পৰ্যবেক্ষণ কৰিবৰ বাবে চৰকাৰৰ গড়কাপ্তানি বিভাগেও প্ৰেৰণ কৰিছে বিভাগীয় কৰ্মচাৰী তথা কাৰিকৰী অভিযন্তা।