newsnextone.com | ডিজিটেল ডেস্কঃ সময়ে সময়ে দেশৰ দৰিদ্ৰ, খাটিখোৱা দলিতে মন্দিৰত পূজা কৰিবলৈ গৈ অপমানিত হ’ব লগা হয়৷ বহু সময়ত মাৰধৰ খাব লগা হোৱাৰ লগতে সমাজৰ পৰা বহিস্কাৰ পৰ্যন্ত হ’ব লগা হয়৷

কিন্তু এই কাণ্ড সংঘটিত হৈছে দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে৷ দেশৰ ৰাষ্ট্ৰপতিগৰাকী দলিত হোৱাৰ বাবেই সংঘটিত হৈছে এই অবাঞ্চিত ঘটনা৷ দেশৰ প্ৰথমগৰাকী নাগৰিক ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰত্নীক পুৰীৰ জগন্নাথ মন্দিৰত সোমোৱাত বাধা প্ৰদান কৰাই নহয় ঠেলা-ঠেলি কৰা হৈছিল৷ টাইমছ অৱ ইণ্ডিয়াই এই খবৰে প্ৰকাশ কৰাৰ পিছতে দেশত খলকনি লাগিছে৷

যোৱা ১৮ মাৰ্চত পুৰী ভ্ৰমণ কৰিবলৈ গৈছিল সপত্নীক ৰাষ্ট্ৰপতিয়ে৷ সেই সময়ত বিশেষ কাৰ্যসূচীৰ ভিতৰত আছিল জগন্নাথ মন্দিৰ দৰ্শন কৰা আৰু পূজা-অৰ্চ্চনা কৰা৷ মন্দিৰ দৰ্শনৰ সময়ত মন্দিৰ সেৱকে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু পত্নীক মন্দিৰৰ গৰ্ভভাগত সোমোৱাত বাধা প্ৰদান কৰিছিল৷ 

১৮ মাৰ্চৰ পুৱা ৬ বাজি ৩৫ মিনিটত ৰাষ্ট্ৰপতি আৰু পত্নীয়ে মন্দিৰ দৰ্শনৰ বাবে গৈছিল৷ মন্দিৰৰ গৰ্ভভাগত যাবৰ বাবে বাধা প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰপতি আৰু পত্নীক৷ ৰাষ্ট্ৰপতি আৰু পত্নীয়ে মন্দিৰৰ সেৱকে ঠেলা-ঠেলি কৰা কাৰ্যক লৈ ৰাষ্ট্ৰপতি ভৱনে নাৰাজ হৈ পৰে৷ উপায়ুক্তক অভিযোগ দাখিল কৰে৷ ইতিমধ্য মন্দিৰৰ কেইবাজনো সেৱকক কাৰণ দৰ্শোৱাৰ জাননী দিয়ে মন্দিৰ কৰ্তৃপক্ষই৷ 

জগন্নাত মন্দিৰ প্ৰশাসনে ২০ মাৰ্চত বৈঠক অনুষ্ঠিত কৰি সেৱকে ৰাষ্ট্ৰপতিয়ে গৰ্ভগৃহত যোৱাৰ সময়ত পথ আৱদ্ধ কৰাৰ লগতে ঠেলাঠেলি পৰ্যন্ত কৰিছিল বুলি উল্লেখ কৰে৷ ১৯ মাৰ্চত সেৱকৰ এই কাৰ্যত ব্যাপক আপত্তি দৰ্শাই জিলা উপায়ুক্তক পত্ৰ প্ৰেৰণ কৰিছিল ৰাষ্ট্ৰপতি ভৱনে৷

১৮ মাৰ্চত ৰাষ্ট্ৰপতিয়ে মন্দিৰ পৰিদৰ্শন কৰিব যাব বাবে আন লোকৰ দৰ্শন পুৱা ৬.৩৫ বজাৰ পৰা ৮.৪০ বজালৈ বন্ধ কৰিছিল৷ কেৱল কিছু সেৱক আৰু একাংশ বিষয়াহে আছিল মন্দিৰৰ ভিতৰ ভাগত৷ বিষয়াসকলৰ ৰাষ্ট্ৰপতিৰ সৈতে যোৱাৰ অনুমতি আছিল৷ কিন্তু মন্দিৰৰ গৰ্ভভাগত প্ৰৱেশ কৰিব খোজেতেই একাংশ সেৱকে পথ আৱদ্ধ কৰাৰ চেষ্টা কৰাৰ লগতে ঠেলাঠেলি কৰে ৰাষ্ট্ৰপতিৰ সৈতে৷

প্ৰায় ৪ মাহৰ অন্তত এই ঘটনা পোহৰলৈ আহিছে৷ দেশৰ চৰকাৰ আৰু সভ্য সমাজক লজ্জানত কৰা এই খবৰ প্ৰকাশ পোৱাৰ পিছতে দেশৰ গৃহ বিভাগে তদন্তৰ নিৰ্দেশ দিছে৷ মূলত দলিত হোৱাৰ বাবেই দেশৰ ৰাষ্ট্ৰপতিয়ে এটি মন্দিৰত সোমোৱাত বাধাৰ সন্মুখীন হৈছিল আৰু সাধাৰণ দলিতৰ কি অৱস্থা হ’ব পাৰে সেই কথা সহজেই অনুমেয়৷