47
গুৱাহাটীঃ চোৰৰ কবলত পৰিছে পিছফাললৈ দৌৰি অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হোৱা পুৰুষোত্তম দাস। শিক্ষা জীৱনৰ সমস্ত প্ৰমাণ পত্ৰ চোৰে লৈ যোৱাত দিশহাৰা হৈ পৰিছে ব্যতিক্ৰমী প্ৰতিভাৰ অধিকাৰী নলবাৰী জিলাৰ নিজতপাৰ এইজন যুৱক।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা পুৰুষোত্তমে শিক্ষা জীৱনৰ লগতে বিভিন্ন প্ৰমাণ পত্ৰ সন্নিবিষ্ট হেৰাই যোৱা ফাইল যোৱা দুদিন ধৰি বিচাৰি হাবাখুৰি খাইছে।