বঢ়মপুৰঃ দোভাগ নিশা ৰাজপথত যুদ্ধ সদৃশ পৰিৱেশ৷ যেন নিশাৰ ভিতৰতে গড় বান্ধি শেষ কৰিব লাগিব৷ নহলে যেন শত্ৰু পক্ষৰ আক্ৰমণত ধৰাশয়ী হোৱাৰ আশংকা ঘনীভূত হৈছে৷ দোভাগ নিশা এই ব্যস্ততা দেখা গ’ল নগাঁৱত৷ কোনোৱে বিটুমিন ছটিয়াইছে, আন কোনোৱে বিটুমিনত ভজা শিল ছটিয়াই ৩৭নং ৰাষ্ট্ৰীয় ঘাই মেৰামতি কৰাত ব্যস্ত৷ নগাঁৱৰ চামগুৰিত দেওবাৰে নিশা দেখা গ’ল এই দৃশ্য।
মোমাই কটা গড় নিৰ্মাণ সদৃশ তৎপৰতাৰে ৰাজপথ মেৰামতিত কৰিছে টি কে নামৰ কোম্পেনীৰ শ্ৰমিকে৷ নিশাৰ ভিতৰতে নগাঁৱৰ পৰা আমনি পৰ্য্যন্ত বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতি কৰে কোম্পেনীটোৱে। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ নগাঁও-আমনি অংশৰ গা’ত তথাখলা বমাৰ বাবে একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷