খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কোৱাৰেন্টাইন কেন্দ্ৰক লৈ আতংকিত হৈ পৰিছে খেৰণিবাসী। উল্লেখ্য যে খেৰণি হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত এই পৰ্যন্ত ৰখা হৈছে ৮৮ জনকৈ লোকক। কিন্তু কেন্দ্ৰটোত থকা লোকসকলক নিৰীক্ষণত ৰখাৰ বাবে কেন্দ্ৰটোত নাই কোনো আৰক্ষী অথবা জিলা প্ৰশাসনৰ লোক।
বহিঃৰাজ্য অথবা অন্য ঠাইৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কেন্দ্ৰত কেৱল থাকিবলৈ দিয়েই দ্বায়িত্ব সামৰিছে এতিয়া আৰক্ষী তথা পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে। অৱশ্যে ঠিকাভিত্তিত জন ৰংহাং নামৰ ব্যক্তি এগৰাকীক কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকসকলৰ বাবে খাদ্য তথা আহাৰৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব অৰ্পণ কৰিছে বুলি ইতিমধ্যে বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।