ৰঙিয়াঃ সৰ্বাংগীন উন্নয়ন, জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি দিছপুৰ দখল কৰি ৰাজ্য শাসন কৰে আছে যদিও ৰঙিয়া পৌৰসভাকলৈ খোৱা কামোৰা অব্যাহত আছে৷ পৌৰপতিৰ আসন খনক লৈ খোৱা কামোৰা অব্যাহত আছে ৰঙিয়া পৌৰসভাত৷ প্ৰতিটো দলেই ক্ষমতাৰ বাবে খোৱা কামোৰা কৰি থকাৰ বাবে পৌৰসভা খনত অচলা অৱস্থাৰ সৃষ্টি হৈ আহিছে৷

কেতিয়াবা যদি বিজেপিয়ে আৰু কেতিয়াবা অগপই দখল কৰিছে পৌৰসভাখন। ৰঙিয়া পৌৰসভাৰ পৌৰপতিৰ আসনক লৈ সমস্ত বেমেজালি৷ প্ৰথমে বিজেপি, পিছত অগপৰ দখললৈ যোৱাৰ অন্তত পুণৰ বিজেপিৰ দখললৈ যায় পৌৰপতিৰ আসনখন৷ সাংসদ ৰমেন ডেকা আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, কলমপুৰৰ বিধায়ক কোনেও পিছপৰি থকা নাই এই ৰাজনীতিৰ পৰা।

ৰঙিয়া পৌৰসভাৰ পৌৰপতিৰ আসন সন্দৰ্ভত বুধবাৰে অগপৰ ৰঙিয়া নগৰ সমিতিয়ে ৰঙিয়া প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি ৰঙিয়া পৌৰসভাৰ অচল অৱস্থাৰ বাবে ৰঙিয়া মহকুমাৰ মহকুমাধিপতিক জগৰীয়া কৰে। অগপৰ জ্যেষ্ঠ নেতা পংকজ লহকৰে পৌৰসভাৰ আসনখনক লৈ সৃষ্টি হোৱা খেলি-মেলি ইচ্ছা কৰিলে ৰঙিয়া মহকুমাৰ মহকুমাধিপতিয়ে সমধান কৰিব পাৰে বুলি কয়। মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈৰ পক্ষপাতিত্বমূলক আচৰণৰ বাবে ৰঙিয়া পৌৰসভাত অচল অৱস্থাই দেখা দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, ৰঙিয়া পৌৰসভা সম্পৰ্কত এক গোচৰ ৰুজু হৈ থকাৰ পিচত বিভাগীয় ভাবে অহা এখন পত্ৰৰ আলমলৈ দৈৱকী বড়োক পৌৰসভানেত্ৰী হৈ থকা অৱস্থাতে মহকুমাধিপতিৰ নিৰ্দেশত তলাভাঙি পূৰ্বৰ পৌৰপতি তথা বিজেপি নেত্ৰী সীমা বৈশ্যই দায়িত্ব অভিযোগ উত্থাপন কৰে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই।

মাথো দুদিন পূৰ্বে অগপত যোগদান কৰা প্ৰাক্তন বিধায়ক এজন মহকুমাধিপতিৰ এনে আচৰনে ৰঙিয়াবাসীক সমস্যাত পেলোৱা বুলি কৈ মহকুমাধিপতিৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰে। সংবাদ মেলত উপস্থিত থকা অগপ নেতা তথা ৰঙিয়া পৌৰসভাৰ উপ-পৌৰপতি বাহৰুল ইছলামে ৰঙিয়া পৌৰসভাৰ অধিনত থকা সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰ দুখন পূৰ্বৰ সভানেত্ৰী সীমা বৈশ্যই অবৈধ ভাবে প্ৰায় ৭ লাখ ৪৮ হাজাৰ টকা ৰেহাই মূল্যত মহলদাৰক গতাই দিয়া সন্দৰ্ভত আদালতত বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকা অৱস্থাতে কেনেকৈ সেইগৰাকী লোককে পৌৰসভানেত্ৰীৰ দায়িত্ব দিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷

ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা অগপত নতুনকৈ যোগদান কৰা অনন্ত ডেকা, ৰঙিয়া পৌৰসভাৰ পূৰ্বৰ পৌৰ সভানেত্ৰী দৈৱকী বড়ো, উপ-পৌৰপতি বাহৰুল ইছলাম উপস্থিত থাকি পূৰ্বৰ পৌৰপতি দৈৱকী বড়োৱে পৌৰ আইনমতে যিগৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে অনস্থা অনা হয় সেইজন প্ৰতিনিধিয়ে আস্থা অনাস্থাৰ সভাত সভাপতিত্ব কৰিব নোৱাৰে বুলি কয়। তেনেস্থলত সীমা বৈশ্যৰ বিৰুদ্ধে অনা অনাস্থাৰ বিৰুদ্ধে তেওঁ নিজে সভাপতিত্ব কৰি আস্থাৰ ভোট প্ৰদৰ্শন কৰা বিষয়টোৱে হাস্যকৰ বিষয় বুলি কয় বড়োৱে৷