গোৰেশ্বৰঃ সংগ্ৰামী সত্বাৰ অধিকাৰী, ঐক্য আৰু সমন্বয়ৰ প্ৰতীক, সৰ্বহাৰা, কৃষক শ্ৰমিকৰ মুকুতিৰ হকে ৰণ দিয়া বিপ্লবী প্ৰাণ, সৈনিক শিল্পী বিষ্ণুৰাভাক আজি বাগসা জিলাৰ গোৰেশ্বৰত সশ্ৰদ্ধ সোঁৱৰণ কৰা হয়।
অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বিষ্ণুৰাভাক জীৱন দৰ্শন আৰু আদৰ্শৰে অনুপ্ৰাণিত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে আজি বিষ্ণু ৰাভা দিৱস পালনেৰে কবি- গীতিকাৰ-চিত্ৰশিল্পী তথা গভীৰ শিল্পী সত্বাৰ অধিকাৰী বিষ্ণুৰাভাক গীত-মাত-নৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।