newsnextone.com | চাবুৱাঃ অসমৰ স্বাভিমানৰ এজন পুৰুষ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমৰ ৰাজনীতি, সমাজনীতি, সংগীত, নাটক, কবিতা, সকলোতে তেওঁৰ প্ৰভাৱ পৰিষ্ফুট৷ অসমীয়াৰ সংহতিৰ পৰা অসমীয়াৰ সেউজ সোপনলৈ সকলোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই নিজক প্ৰতিষ্ঠা কৰি থৈ যাবলৈ সক্ষম হৈছে৷

১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই ১৯৬৯ চনৰ ২০ জুনত মৃত্যুক আঁকোৱালি লয়৷ অসমীয়া কৃষ্টি সংস্কৃতিলৈ তেওঁ থৈ যোৱা অৱদানৰ স্মৃতি স্বৰুপে মহান ব্যক্তিজনাৰ মৃত্যু দিনটোত সমগ্ৰ ৰাজ্যজুৰি ৰাভা দিৱস হিচাপে পালন কৰা হয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ বগডোং ভঁৰলুৱা ৰাইজত উদ্যোগতো বিপ্লৱী বীৰ সৈনিক বিষ্ণু প্ৰসাদ ৰাভাৰ সোৱৰণত দ্বাত্ৰিংশতিতম ৰাভা দিৱসটো ভঁৰলুৱা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পালন কৰা হয়৷ তিনিদিনীয়াকৈ পালন হ’বলগীয়া ৰাভা দিৱসটো ২০ জুনৰ পিছত ১৩ আৰু ১৪ জুলাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিয়ে৷

বুধবাৰে ৰাভা দিৱস অনুষ্ঠানৰ স্মৃতিতৰ্পন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক ভক্তিবৰ গোঁহাইয়ে৷ ইয়াৰ পিছতে পতাকা উত্তোলন কৰে দিনজয় চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ধ্ৰুৱ নেওগে৷ বৃক্ষ ৰোপন কৰে ঘনশ্যাম নেওগে আৰু ক্ৰীয়া প্ৰতিযোগিতা আৰম্ভ কৰে বিশিষ্ট ক্ৰীয়াবিদ আদিত্য বৰাই।

উদযাপন সমিতিৰ হৈ সভাপতি জানু দিহিঙ্গীয়া, কাৰ্যকৰী সভাপতিদ্বয় বিজিত চেতিয়া আৰু সৌৰভ বৰুৱা, সম্পাদক দ্বয় যুগল কিশোৰ বৰুৱা আৰু পাৰ্থ প্ৰতিম বৰুৱা আৰু সাংস্কৃতিক সম্পাদক কুনাল জিৎ গোহাঁইয়ে জানিবলৈ দিয়া মতে, অহা ১৪ জুলাইত সন্ধিয়া সত্ৰীয়া নৃত্য কলা কেন্দ্ৰ, চাবুৱাৰ অধ্যক্ষা পৰিনীতা হাজৰীকা গোহাঁইৰ শুভাৰম্ভণীত গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰে।