ডিফুঃ ২০১৯ চনত বিগত লোক সভা নিৰ্বাচনত বিজেপিয়ে পৰাজয় বৰণ কৰা লোকসভা আসন সমূহ দখল কৰাৰ লক্ষ্য আগত ৰাখি তিনি পাৰ্বত্য জিলা ডিমা হাচাও, উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙক সামৰি বিজেপিয়ে সোমবাৰে অনুষ্ঠিত এখন কৰ্মী সভা৷ ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত কেন্দ্ৰীয় আইন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমত আহি ২৫ অক্টোবৰৰ পৰা ক্ৰমে, বৰপেটা, কোকৰাঝাৰ, কলিয়াবৰ আৰু জখলাবন্ধাত দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰি বুথ পৰ্যায়ৰ কৰ্মী সকলৰ লগত মত বিনিময় কৰাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়ী কৰাই আনিবলৈ নীতি-নিৰ্দেশনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়৷
প্ৰতিকূল বতৰৰ পিছতো পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাধাৰণ সম্পাদক, সাংগঠনিক সম্পাদক, চাৰি বিধায়ক ক্ৰমে চুম ৰংহাঙ, জয়ৰাম ইংলেঙ, ডঃ জয়ৰাম ইংলেঙ, ডঃ নোমল মোমিন লগতে দুই মুখ্য কাৰ্যবাহী সদস্য ক্ৰমে তুলিৰাম ৰংহাঙ আৰু দেৱলাল গাৰ্লোছা আৰু তিনিওখন পাৰ্বত্য জিলাৰ বুথ আৰু মণ্ডল সমিতিৰ নেতা-কৰ্মী সকলে অংশ গ্ৰহণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পাহাৰীয়া জিলাৰ ডিফুত বিভিন্ন সম্প্ৰদায়ৰ দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায়৷