newsnextone.com | গুৱাহাটীঃ চলন্ত ৰে’লত হত্যাৰ বলি হোৱা শিৱসাগৰৰ যুৱতী ৰাধা কুমাৰীৰ হত্যাৰ ৰহস্যক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰে’ল বিভাগৰ দায়বদ্ধহীনতাৰ বাবে এনেদৰে চলন্ত ৰে’লৰ টয়লেতত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বুধবাৰে ৰাধা কুমাৰীৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাঁ আৰু আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল।
দুয়োগৰাকী প্ৰশাসনিক বিষয়াই বাসগৃহত উপস্থিত হৈ শোকবিহ্বল পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰো আশ্বাস দিয়ে৷ ইফালে, ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ পিছত তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যুৱতীগৰাকীৰ হত্যাৰ তদন্তৰ বাবে SIT গঠন কৰি তদন্ত আৰম্ভ কৰিছে৷