নতুন দিল্লীঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বিতৰ্কিত ৰাফাল জেট বিমানৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক 'চকিদাৰেই চোৰ’ বুলি কটাক্ষ কৰি বি জে পিৰ ৰাজনৈতিক ৰোষত পৰিছে। পিছে কি সাহসত বা কি তথ্যৰ ভিত্তিত ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰীজনক 'চোৰ’ বুলি ক’ব পাৰিলে, সেয়া সচেতন নাগৰিকৰ বাবে কোটিটকীয়া প্ৰশ্ন হিচাপে দেখা দিছে।

জনতাৰ মনত প্ৰশ্ন জাগিছে, ফ্ৰান্সৰ সৈতে ৰাফাল চুক্তি কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে সঁচাকৈ অনিয়ম কৰিছিল নেকি? ইয়াত কাৰোবাৰ স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্য নিহিত হৈ আছে নেকি?

--- এই প্ৰশ্ন মনলৈ অহাৰ কাৰণ আছে। বুধবাৰে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে জনালে যে বিতৰ্কিত ৰাফাল চুক্তিৰ কেতবোৰ গুৰুত্বপূৰ্ণ কাগজ চুৰি কৰা হৈছে। সম্ভৱত চৰকাৰী বিষয়াই এই চুৰি কাৰ্য সংঘটিত কৰিছে।    

ৰাফাল চুক্তিৰ আটাইতকৈ বিতৰ্কিত তথা ৰাজনৈতিক বিতৰ্ক সৃষ্টি হোৱা ইয়াৰ মূল্য সম্পৰ্কীয় কাগজকেইখনেই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফাইলৰপৰা কোনোবাই চুৰি কৰি নি সেইবোৰ 'ড্যা হিন্দু’ কাকতক বাতৰি পৰিৱেশনৰ বাবে যোগান ধৰা হৈছিল বুলি কয় এটৰ্নী জেনেৰেল কে কে বেনুগোপালে।

তেওঁ লগতে কয় যে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে এই চুৰি হোৱা কাগজৰ তথ্য লৈ উচ্চতম ন্যায়ালয়ত ৰাফাল লেন-দেনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে পূৰ্বে দিয়া ৰায়ৰ পুনৰ বিচাৰৰ আবেদন কৰিছে। সেয়ে এই আবেদন ন্যায়ালয়ে খাৰিজ কৰিব লাগে।

অকল সিমানেই নহয়, বেনুগোপালে লগতে যুক্তি দিয়ে যে এই তথ্য যিসকলে লাভ কৰিছে তেওঁলোকে 'অ’ফিচিয়েল ছিক্ৰেট এক্ট’ উলংঘা কৰিছে আৰু তেওঁলোকক দোষী সাব্যস্ত কৰিব লাগে। ইফালে কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে যে এই চুৰি-কাণ্ডৰ তদন্ত কৰি থকা হৈছে।

উল্লেখ্য যে, আজি ৰাফাল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ পুনৰ বিচাৰ কৰিবলৈ জনোৱা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল। জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে ৰাফালৰ দাম সম্পৰ্কীয় এক তথ্য পঢ়ি থকাৰ সময়তে এটৰ্নী জেনেৰেল কে কে বেনুগোপালে ৰাফালৰ দাম সম্পৰ্কীয় তথ্য থকা কাগজেই হেৰাল বুলি ন্যায়ালয়ক জনায়।