ডিজিটেল ডেস্কঃ যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা কৰ্ণাটক ভ্ৰমণ কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে৷ ভ্ৰমণ কালত বিভিন্ন সভা-সমিতি, কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হয়৷ তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷

নৰেন্দ্ৰ মোডীক তাচ্ছিল্য কৰি মোডীৰ কাৰ্যকাল শেষ হ’বৰ বাবে বেছি সময় নাই বুলি কৈ এতিয়া অতীতৰ কথা কোৱা বন্ধ কৰিব লাগে আৰু কাম আৰম্ভ কৰিব লাগে বুলি কয়৷

এখন জনসভাত অংশলৈ ৰাহুলে কয় ‘‘আপুনি নিৰ্বাচনৰ সময়ত কব লাগিব আপুনি ৫ বছৰত কি কৰিলে৷ ৫ বছৰ হৈ গ’ল কিন্তু কাম আৰম্ভ কৰাই নাই৷’’ কৰ্ণাটকত ‘জন আৰ্শীবাদ’ সমাৱেশত অংশলৈ যুৱ ৰাজ ৰাহুলে নৰেন্দ্ৰ মোডীয়ে নিজৰ প্ৰদৰ্শন গণনা কৰাৰ বিপৰীতে কংগ্ৰেছক আক্ৰমণ কৰাৰ লক্ষ্য কৰি অতীতলৈ যায় বুলি কয়৷