ডিজিটেল ডেস্কঃ ৰাফেল বিতৰ্কই দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাফেলৰ গইনা লৈ শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে৷ ৰাফেল চুক্তিকলৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ কৰা দেখা যায় বৃহস্পতিবাৰে।
মাথো কেই সপ্তাহমান পুৰণি কোম্পানীৰ এটাৰ সৈতে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তি সম্পাদন কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে৷ ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে চুক্তি কৰে যদিও ইয়াৰ মূল্য হিচাপতকৈ বেছি আদায় দিয়া বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে, বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ মুখামুখী হৈ ৰাহুল গান্ধীয়ে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাফেলৰ বিষয়ে সংসদত উল্লেখ কৰাৰ কথা আছিল বুলি কয়।