ডিজিটেল ডেস্কঃ পঞ্জাৱ নেচনেল বেংক কেলেংকাৰী বিষয়টোৱে বৰ্তমানেও ৰাজনীতিৰ ক্ষেত্ৰখনত তোলপাৰ লগাই আছে৷ কেলেংকাৰীৰ ঘটনাতো বিৰোধী দল সমূহৰ বাবে হৈ পৰিছে এতিয়া তীব্ৰ সমালোচনাৰ বিষয়৷ পুনৰ শাসক দলক কটাক্ষ কৰি সমালোচনাত্মক মন্তব্য কৰিছে কংগ্ৰেছ দলৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷
দেশৰ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি গান্ধীয়ে কয়, নিজেই দেশৰ চকীদাৰ বুলি ঘোষণা কৰাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পঞ্জাৱ নেচনেল বেংক কেলেংকাৰী ঘটনাটোৰ ওপৰত কোনো উচিত সিদ্ধান্ত গ্ৰহণ নকৰি কিয় মনে মনে আছে? দেওবাৰে উত্তৰ কৰ্ণাটকৰ অন্তৰ্গত বিজাপূৰা আৰু বাগলকোট জিলাত অনুষ্ঠিত দলীয় সমাৱেশত অংশগ্ৰহণ কৰি, ভাষণত ৰাহুল গান্ধীয়ে মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷