newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে মুম্বাইৰ ভিৱণ্ডী আদালতত উপস্থিত হৈ আৰএছএছে তেওঁৰ বিৰুদ্ধে লগোৱা অভিযোগ খাৰিজ কৰে৷ মঙলবাৰে পুৱা ১১ বাজি ১০ মিনিটত ৰাহুল গান্ধী ভিৱণ্ডী স্থিত আদালতত উপস্থিত হয়৷ আদালতৰ সন্মুখত উপৱিষ্ট হোৱা কংগ্ৰেছ কৰ্মী-সমৰ্থকসকলে ৰাহুল গান্ধীক অভিবাদন জনায়৷

আদালতৰ ভিতৰত ন্যায়াধীশ এ আই শেখে ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ পাঠ কৰাৰ পিছতে ৰাহুল গান্ধীয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰে৷ 

উল্লেখ্য যে, ২০১৪ চনত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈ ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ হত্যাৰ আঁৰত আৰএছএছ জড়িত থকা বুলি দাবী কৰিছিল৷ ইয়াৰ পিছতে আৰএছএছ কৰ্মী ৰাজেশ কুন্তেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল৷

২ মে’ত আদালতে ৰাহুল গান্ধীক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰাৰ পিছত মঙলবাৰে আদালতৰ মজিয়াত গোচৰটোত ৰাহুল গান্ধীৰ ভাষ্য গ্ৰহণ কৰা হয়৷ ৰাহুল গান্ধীয়ে ন্যায়াধীশৰ সন্মুখত নিজকে নিৰ্দোষী বুলি দাবী কৰে৷