newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে মুম্বাইৰ ভিৱণ্ডী আদালতত উপস্থিত হৈ আৰএছএছে তেওঁৰ বিৰুদ্ধে লগোৱা অভিযোগ খাৰিজ কৰে৷ মঙলবাৰে পুৱা ১১ বাজি ১০ মিনিটত ৰাহুল গান্ধী ভিৱণ্ডী স্থিত আদালতত উপস্থিত হয়৷ আদালতৰ সন্মুখত উপৱিষ্ট হোৱা কংগ্ৰেছ কৰ্মী-সমৰ্থকসকলে ৰাহুল গান্ধীক অভিবাদন জনায়৷
আদালতৰ ভিতৰত ন্যায়াধীশ এ আই শেখে ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ পাঠ কৰাৰ পিছতে ৰাহুল গান্ধীয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰে৷