মধ্যপ্ৰদেশঃ গীনিজ বুকত নাম সন্নিবিষ্ট হ’ব ৰাহুল গান্ধীৰ। নেতাজনলৈ এই অদ্ভুত প্ৰস্তাৱ এগৰাকী ছাত্ৰৰ৷ সভাই-সমিতিয়ে হওক বা চ’ছিয়েল মিডিয়াতেই হওক-নিজৰ উদ্ভত মন্তব্যৰে হাঁহিয়াতিৰ পাত্ৰ হৈ অহা ৰাহুল গান্ধীৰ নাম এইবাৰ চৰ্চালৈ আহিব পাৰে বিশ্ব অভিলেখৰ বাবে।
এইবাৰৰ নিৰ্বাচনত দলটোৱে মুখথেকেচা খোৱাৰ পিছতেই ৰাহুলক পৰাজয়ৰে গীনিজ বুকত নাম সন্নিবিষ্ট কৰিবলৈ আহ্বান জনাইছে মধ্য প্ৰদেশৰ হোছাংগাবাদৰ অভিযান্ত্ৰিক ছাত্ৰ বিশাল দেৱানে৷ ২৭ বছৰীয়া ছাত্ৰজনে ইতিমধ্যে গীনিজ বুক কৰ্তৃপক্ষক এই সন্দৰ্ভত আবেদনো কৰিছে৷