ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী বৃহস্পতিবাৰে এক বিমান দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ দিল্লীৰ পৰা কৰ্নাটকৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা ৰাহুল গান্ধীৰ বিমানখন কৰ্নাটকৰ হুৱলীৰ আকাশত দূৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে৷ কংগ্ৰেছক অধ্যক্ষগৰাকীয়ে যাত্ৰা কৰা বিমানখন আছিল দহজনীয়া চিটৰ এখন দশা ফ্যালকন ২০০০ এয়াৰক্ৰাফ্ট (ভিটি-এভিএছ)৷ এই বিমানখন ৰেলগেয়াৰ এবিএশ্যন লিমিটেডৰ দ্বাৰা নিয়ন্ত্ৰিত যদিও বৃহস্পতিবাৰে বিমানখন দিল্লীস্থিত এটা চাৰ্টাৰ্ড কোম্পানীৰ দ্বাৰা নিয়ন্ত্ৰন কৰা হৈছিল৷
দুটা ইঞ্জিনযুক্ত বিমানখনে বৃহস্পতিবাৰে পুৱা ৯.২০ বজাত দিল্লীৰ পৰা উৰা মাৰিছিল৷ কিন্তু যাত্ৰাৰ সময়ত মাটিৰ পৰা প্ৰায় ৪১ হাজাৰ ফুট উচ্চতাত বিমানখনৰ অট’পাইলট ব্যৱস্থাত বিজুটি ঘটে। অট’পাইলট বন্ধ হোৱাৰ পিছতে বিমানখনৰ পাইলটে বিমানখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে৷ পাইলটৰ প্ৰচেষ্টাত ১১.২৫ বজাত বিমানখন সুৰক্ষিত ভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়৷
এটা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সুৰক্ষিত অৱতৰণৰ পিছতে স্বস্তিৰ নিশ্বাস এৰে কংগ্ৰেছ নেতা-কৰ্মী তথা ৰাহুল গান্ধীৰ গুনমুগ্ধসকলে৷