ডিজিটেল ডেস্কঃ গুজৰাটৰ বানাছকাণ্ঠা জিলাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’ল কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী। কংগ্ৰেছ বিৰোধী একাংশ ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনিৰে নেতাজনৰ গাড়ীলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰে। এই আক্ৰমণত বাহনখনৰ খিৰিকিৰ আইনা ভাঙি চুচুৰ্মৈ হয়। অৱশ্যে সমুখৰ ছীটত বহি থকা ৰাহুল গান্ধীয়ে আহত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে। অতৰ্কিতে চলোৱা আক্ৰমণত তেওঁৰ সৈতে থকা এছ পি জি কমাণ্ডো বাহিনীৰ কেবাজনো জোৱান কম-বেছি পৰিমাণে আহত হয়।
‘বিজেপিৰ গুণ্ডাবাহনীয়ে এনেদৰে কংগ্ৰেছৰ ওপৰত আক্ৰমণ চলাইছে। তেওঁলোকে ৰাহুল গান্ধী ধানেৰাৰ লাল চ’ক পোৱাৰ সময়তে আক্ৰমণ সংঘটিত কৰে। এয়া গৰিহণাযোগ্য আৰু ঘৃণনীয়। বিজেপিৰ গুণাবাহিনীয়ে উপ-সভাপতিগৰাকীৰ গাড়ীখনৰ পিছফালটো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। সুৰক্ষাকৰ্মীৰ জোৱানো আহত হৈছে। এয়া সম্পূৰ্ণ পৰিকল্পিত। কিন্তু বিজেপিয়ে জনা উচিত যে সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰি।’-ৰাহুল গান্ধীৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত এইদৰে কয় দলৰ মুখপাত্ৰ ৰণদীপ সুৰজৱালাই।