ডিজিটেল ডেস্কঃ গুজৰাটৰ বানাছকাণ্ঠা জিলাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’ল কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী। কংগ্ৰেছ বিৰোধী একাংশ ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনিৰে নেতাজনৰ গাড়ীলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰে। এই আক্ৰমণত বাহনখনৰ খিৰিকিৰ আইনা ভাঙি চুচুৰ্মৈ হয়। অৱশ্যে সমুখৰ ছীটত বহি থকা ৰাহুল গান্ধীয়ে আহত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে। অতৰ্কিতে চলোৱা আক্ৰমণত তেওঁৰ সৈতে থকা এছ পি জি কমাণ্ডো বাহিনীৰ কেবাজনো জোৱান কম-বেছি পৰিমাণে আহত হয়।

'বিজেপিৰ গুণ্ডাবাহনীয়ে এনেদৰে কংগ্ৰেছৰ ওপৰত আক্ৰমণ চলাইছে। তেওঁলোকে ৰাহুল গান্ধী ধানেৰাৰ লাল চ’ক পোৱাৰ সময়তে আক্ৰমণ সংঘটিত কৰে। এয়া গৰিহণাযোগ্য আৰু ঘৃণনীয়। বিজেপিৰ গুণাবাহিনীয়ে উপ-সভাপতিগৰাকীৰ গাড়ীখনৰ পিছফালটো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। সুৰক্ষাকৰ্মীৰ জোৱানো আহত হৈছে। এয়া সম্পূৰ্ণ পৰিকল্পিত। কিন্তু বিজেপিয়ে জনা উচিত যে সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰি।’-ৰাহুল গান্ধীৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত এইদৰে কয় দলৰ মুখপাত্ৰ ৰণদীপ সুৰজৱালাই।

ইফালে বিজেপিয়েও এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ইয়াৰ সৈতে দলৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে। 'এয়া সম্পূৰ্ণৰূপে ভিত্তিহীন। যদিহে তেনে কিবা ঘটিছে তেন্তে সেয়া দুৰ্ভাগ্যজনক। মই নাভাবো যে ইয়াৰ আঁৰত বিজেপি আছে।’-সুৰজৱালাৰ মন্তব্যৰ পিছতে কয় বিজেপিৰ স্থানীয় সাংসদ জগদম্বিকা পালে।

জিলাখনৰ আৰক্ষী অধীক্ষক নীৰজ বদগুজাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ধানেৰাত বানাক্ৰান্তসকলৰ সৈতে মিলিত হৈ হেলিপেডলৈ গৈ থকা সময়তে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে ৰাহুলৰ গাড়ীৰ ওপৰত অতৰ্কিতে আক্ৰমণ সংঘটিত কৰে। এই ঘটনাত গাড়ীখনৰ পিছফালৰ খিৰিকিৰ ক্ষতিসাধন হোৱা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনায়।

উল্লেখ্য যে ৬জনকৈ কংগ্ৰেছী বিধায়ক থকা বান বিধ্বস্ত জিলাখন পৰিদৰ্শনৰ বাবে এদিনীয়া ভ্ৰমণসূচীৰে তাত উপস্থিত হৈছিল ৰাহুল গান্ধী। কিন্তু 
ৰাজ্যসভা নিৰ্বাচনৰ হিচাপ-নিকাচৰ বাবে বাংগালুৰুৰ ৰিজ’ৰ্টত থকা কংগ্ৰেছ বিধায়কসকলে বানাক্ৰান্তৰ খবৰ ল’ব পৰা নাছিল। ইয়াৰ মাজতে অঞ্চলটোত উপস্থিত হোৱা কংগ্ৰেছ উপ-সভাপতিজনক আজি ঠায়ে ঠায়ে ক’লা পতাকাও প্ৰদৰ্শন কৰে স্থানীয় লোকসকলে।

এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, 'আনে দো, আনে দো, য়ে কালে ঝাণ্ডে য়াহা লগানে দো, ঘবৰায়ে হুয়ে হেই য়ে লোগ, কই ফৰাক নহী পড়তা হামে।’ (আহিব দিয়া, আহিব দিয়া তেওঁলোকক, ক’লা পতাকা উৰুৱাব দিয়া, তেওঁলোক চিন্তাত পৰিছে, এইবোৰে আমাক বিচলিত কৰিব নোৱাৰে।)’