Home ৰাজনীতিৰাহুল গান্ধীৰ বিৰুদ্ধে আকৌ গোচৰ, পিছে এতিয়াই হেনো নকৰে গ্ৰেপ্তাৰ! কিন্তু কিয়?

ৰাহুল গান্ধীৰ বিৰুদ্ধে আকৌ গোচৰ, পিছে এতিয়াই হেনো নকৰে গ্ৰেপ্তাৰ! কিন্তু কিয়?

by News Desk
A+A-
Reset
nyay-yatra

ন্যায় যাত্ৰাৰ সময়ত অসমত বাৰে বাৰে বিজুতি খাইছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। অসমত ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা। কিন্তু আৰম্ভণিৰ দিনটোৰ পৰাই আৰক্ষী-প্ৰশাসনৰ বাধাৰ সন্মুখীন হৈ বাৰে বাৰে সলনি কৰিবলগীয়া হৈছে যাত্ৰাৰ পথ। সমান্তৰালভাৱে সংঘটিত হৈছে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ, নিশাৰ ভাগত দুষ্কৃতিকাৰীয়ে ফালি পেলাইছে যাত্ৰাৰ বেনাৰ-পোষ্টাৰ আৰু ক্ষতিসাধন কৰা হৈছে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বাহনৰ। আনকি যাত্ৰাৰ মাজতে প্ৰৱেশ কৰা বিজেপি বিধায়কৰ সমৰ্থকৰ আক্ৰমণত আহতও হ’বলগীয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও।

এই সকলোবোৰৰ মাজতে আকৌ এবাৰ ৰাহুল গান্ধীৰ যাত্ৰাত হেঙাৰ হৈ থিয় দিলে অসম চৰকাৰ আৰু অসম আৰক্ষী। সোমবাৰে ঐতিহাসিক বৰদোৱা থানত ৰাহুল গান্ধীক প্ৰৱেশত বাধা প্ৰদান কৰিছিল আৰক্ষী-প্ৰশাসনে। ইয়াৰ পিছতে মঙলবাৰে আকস্মিকভাৱে বাতিল কৰা হ’ল ৰাহুল গান্ধীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠান। যাত্ৰাৰ পথত বেৰিকেড লগাই গুৱাহাটীত আৰক্ষীয়ে ৰাহুল গান্ধীক বাধা প্ৰদান কৰাৰ পিছতে সৃষ্টি হয় আৰক্ষী আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘাতপূৰ্ণ পৰিস্থিতিৰ। ইয়াতেই আকৌ এবাৰ কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0