ডিজিটেল ডেস্কঃ কাশ্মীৰত ভাৰতীয় সেনাৰ কেম্পত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাত সেনাই অভিযান চলাই থকাৰ সময়তে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ভাৰতীয় সেনাক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি প্ৰশ্ন উত্থাপন হৈছে৷ ‘ভাৰতীয় সেনাৰ দৰেই অনুশাসনৰ মাজেৰে চলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱকসকল। কিন্তু সীমান্তত যুঁজ দিবৰ বাবে কঁকালত টঙালি বান্ধি ওলাবলৈ তিনিদিন লাগে সংঘৰ সেৱকক।’
সংঘৰ অধ্যক্ষ মোহন ভাগৱত এনেদৰে মন্তব্য আগবঢ়াইছিল। বৰ্ষীয়ান সেৱকজনে ভাৰতীয় সেনাবাহিনীৰ দক্ষতাক লৈ কৰা এক মন্তব্যই আউল লাগে৷ সংঘৰ সেৱকক যুদ্ধৰ বাবে সাজু হ’বলৈ ৩ দিন লাগে ঠিকেই, কিন্তু ভাৰতীয় সেনাক হেনো লাগিব পাৰে ৬ মাহ পৰ্যন্ত। এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে বিৰোধী জাঙুৰ খাই উঠে৷ বিশেষকৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে তীব্ৰ ভাষাৰে আক্ৰমণ কৰে বিজেপি আৰু মোহন ভাগৱতক৷