নগাঁও/নগাঁও টাউন/ধিংঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ষষ্ঠ স্থান দখলেৰে উজলিল নগাঁৱৰ ৰাইদঙীয়াৰ অমানিশা বৰা। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে কৃতি ছাত্ৰীগৰাকীয়ে।
আজি ঘোষিত ফলাফলত শীৰ্ষ দহটা স্থানৰ ষষ্ঠ স্থান অধিকাৰেৰে সমগ্ৰ নগাঁও জিলাৰ লগতে বটদ্ৰৱাৰ ৰাইদঙীয়ালৈ গৌৰৱ কঢ়িয়াই আনে অমানিশাই। ৰাইদংগীয়া নিবাসী তথা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মুকুট বৰা আৰু মমী বৰাৰ সন্তান অমানিশাই নগাঁও চহৰৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।