কামপুৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে উচ্ছেদ কাৰ্য বন্ধ কৰাৰ লগতে উচ্ছেদিতৰ খবৰ লবলৈ যোৱা নেতাক আটক কৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি নগাঁও জিলাৰ কামপুৰত ৰেল পথ অৱৰোধ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷
সংগঠন দুটাৰ নেতা-কৰ্মীয়ে ৰেল পথত টায়াৰ জ্বলাই উজনি আলিপুৰদুৱাৰ যাত্ৰীবাহী ৰেলখন অৱৰোধ কৰে৷ সংগঠন দুটাৰ নেতা-কৰ্মীয়ে খিলঞ্জীয়া ভূমিপুত্ৰক অমানবীয় ভাবে আমচাং অভয়াৰণ্যৰ পৰা উচ্ছেদ কৰাৰ লগতে উচ্ছেদিত লোকৰ খবৰ লব যোৱা কৃষক মুক্তিৰ নেতাক আটক কৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷