ৰঙিয়াঃ ৰাজ্যই পুনৰবাৰ বঞ্চনাৰ বলি হ’ব লগা হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ৷ কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত পুনৰবাৰ উপেক্ষিত হৈছে নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ প্ৰকল্প৷ উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অসমৰ অতি গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ কোনো উল্লেখেই নহ’ল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ চাৰিটাকৈ দ্বৈত ৰেলপথ প্ৰকল্প আৰু ৰেলপথৰ বৈদ্যুতিকীকৰন প্ৰকল্পৰ বাবে ধনৰ অনুমোদন দিয়া হয়৷ অসম ৰেলযাত্ৰী সংস্থাই শুকুৰবাৰে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷