ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ধৰ্ষণে বিভৎস ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ নাৰী পুৰুষৰ অমানৱীক অত্যাচাৰ বলি হৈ অহাৰ ঘটনাই প্ৰতিদিনেই বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ আৰু তাৰ লগে লগে উত্থাপন হৈছে আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাক লৈ অলেখ প্ৰশ্ন৷ কিন্তু এইবাৰ নিজৰ জীৱন বিপন্ন কৰি ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ এগৰাকী ৰেল আৰক্ষীয়ে কৰা প্ৰচেষ্টাই দেশত নজিৰ সৃষ্টি কৰিছে৷

মঙলবাৰে নিশা চেন্নাইৰ ভেলচেলিৰ পৰা চেন্নাই বিচলৈ যোৱা যাত্ৰীবাহী ৰেলখনত নিশাৰ কৰ্তব্যত আছিল নাইট স্কোৱাডৰ সদস্য চাব-ইন্সপেক্টৰ এছ চুব্বাইয়া, কনিষ্টবল কে শিবাজি আৰু আন এজন কনিষ্টবল৷ নিশা প্ৰায় ১১.৪৫ বজাত ৰেলখনে চিন্তাদ্ৰিপেট ষ্টেচন এৰাৰ পাছতেই কৰ্তব্যত থকা চাব-ইন্সপেক্টৰ এছ চুব্বাইয়াই কাষৰ ডবাটোত মহিলাৰ আৰিত চিৎকাৰ শুনিবলৈ পায়৷ কিন্তু দুয়োটা ডবাৰ নাজত দুৱাৰ নথকাৰ বাবে তেওঁ সেই ডবাটোলৈ যাব নোৱাৰে৷ চাব-ইন্সপেক্টৰ এছ চুব্বাইয়াই ৰেলখন পৰৱৰ্তী ষ্টেচন পোৱালৈ অপেক্ষা কৰিব বিচাৰে যদিও পুনৰ সেই একেটা ডবাৰ পৰা মহিলাগৰাকীৰ আৰ্তনাথ শুনি মহিলাগৰাকী বিপদত পৰাৰ উমান লাভ কৰে৷

►পঢ়ক এই বাতৰিঃ  উন্নাও, কাঠুৱাৰ পিছত এইবাৰ পশ্চিমবংগ

চুব্বাইয়াই ৰেলখন পৰৱৰ্তী ষ্টেচন পোৱালৈ অপেক্ষা নকৰি ৰেলখনৰ গতি অলপ ধীৰ হোৱাৰ লগে লগেই নিজৰ জীৱন বিপদলৈ থেলি দি চলন্ত ৰেলৰ পৰা জঁপিয়াই নামে আৰু ৰেলৰ সমানে দৌৰি দৌৰি শেষত মহিলাগৰাকীৰ ডবাটোত কোনোমতে উঠিবলৈ সক্ষম হয়৷ 

তাত তেওঁ এগৰাকী মহিলাৰ ওপৰত এজন পুৰুষে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰা প্ৰত্যক্ষ কৰে৷ মহিলাগৰাকীৰ ওঠৰে তেজ ওলাই আছিল আৰু মহিলাগৰাকী অজ্ঞান হৈ পৰিছিল৷ চুব্বাইয়াৰ সৈতে ডবাটোত থকা সত্যৰাজ নামৰ ব্যক্তিজনৰ হতাহতি হয়৷ 

►পঢ়ক এই বাতৰিঃ আমৃত্যু কাৰাদণ্ড আশাৰামৰ, সহ-অভিযুক্তৰ দুজনৰ ২০ বছৰ কাৰাবাস

ৰেলখন পাৰ্ক টাউনত উপস্থিত হোৱাৰ পিছতেই ডবাটোত ৰেল আৰক্ষী উপস্থিত হৈ সত্যৰাজ নামৰ ধৃত ব্যক্তিজনক আটক কৰে আৰু নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীক চিকিৎসাৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰে৷

ইফালে নিজৰ জীৱন বিপন্ন কৰি হ’লেও এগৰাকী মহিলাৰ সন্মান ৰক্ষা কৰাৰ কাৰণে তেওঁ চলোৱা প্ৰচেষ্টাক তামিলনাডু চৰকাৰে শলাগ লোৱাৰ লগতে তেখেতৰ সাহসিকতাৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে৷