newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰৰ নিশাৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত মায়ানগৰী মুম্বাইৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে৷ অন্ধেৰী, পৰেল, চেম্বুৰ, শায়ান, মাতুংগা সহ কেইবাটাও অঞ্চলত কৃত্ৰিম বান সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ 

বৰষুণৰ ফলত অন্ধেৰী মেট্ৰ’ ষ্টেচনত পানী জমা হোৱাত ট্ৰেনৰ চলাচল ব্যাহত হৈ পৰিছে৷ ইফালে ৱাদালত ভুমি স্খলন ঘটি আতংকৰ সৃষ্টি কৰিছে৷

বৰষুণৰ ফলত এমজি ৰোডত এডাল গছ উঘালি পৰে৷ যাৰ ফলত দুজন লোকৰ মৃত্যু ঘটে৷ তদুপৰি থাণে জিলাৰ অম্বৰনাথ স্থিত বডোল গাঁৱত খন পকী ৱাল বৰষুণৰ ফলত খহি পৰাত এটি শিশুৰ প্ৰাণ যায়৷ ইফালে প্ৰচণ্ড বৰষুণৰ ফলত বিভিন্ন অঞ্চলত গছ আৰু বেৰ ভাঙি বৃহৎ ক্ষতি কৰা বুলি জানিব পৰা গৈছে৷

একেৰাহে ৭ ঘন্টা ধৰি বৰষুণ দিয়াৰ ফলত মুম্বাইৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ বতৰ বিভাগে আগন্তক দুদিনৰ ভিতৰত অধিক মাত্ৰাত বৰষুণ দি থকাৰ সম্ভাৱনা প্ৰকাশ কৰি নগৰবাসীক সতৰ্ক থাকিবলৈ জাননী জাৰি কৰিছে৷