ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত চলচিত্ৰ অভিনেতাসকলৰ জনপ্ৰিয়তা সদায় তুংগত থকাটো কোনো নতুন কথা নহয়৷ তাৰে মাজত যদি সেয়া আকৌ ৰজনীকান্ত নতুবা কামাল হাছানৰ দৰে অভিনেতা হয় তেতিয়া কথাই সুকীয়া ৷ অভিনেতাই যদি ৰাজনীতিত পদাৰ্পন কৰে তেনেহলে দক্ষিণ ভাৰতৰ দৰে ঠাইত অন্য কোনো দলৰ যে স্থিতি কি হ’ব সেয়া সহজে অনুমেয়৷
ইফালে বহু দিনৰ জল্পনা কল্পনা চলি আহিছিল অভিনেতাৰ ৰাজনীতিত প্ৰৱেশৰ কথা৷ অৱশেষত নিজেই সকলোৰে সন্মুখত ঘোষনা কৰিলে অভিনেতা ৰজনীকান্তে ৰাজনীতিলৈ অহাৰ কথা ৷ সেয়াও আকৌ ‘শিবাজি’ আন্দাজত৷ নতুন বছৰৰ চমক সৃষ্টিৰে নতুন দল গঠন কৰি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে আপোনাৰ আৰু মোৰ সকলোৰে চিনাকি মুখ দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত৷ অহা বিধানসভা নিৰ্বাচনতেই তামিলনাডুৰ সকলো সমষ্টিত তেওঁৰ নেতৃত্বত নতুন দলটোৱে প্ৰতিন্দিতা কৰিব বুলি জনা গৈছে ৷