newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুবাসীক কন্দুৱাই মঙলবাৰে ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এম কৰুণানিধিয়ে। ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ’ল মঙলবাৰে সন্ধিয়া ৬ বাজি ১০ মিনিটত। কাবেৰী হস্পিতাল কৰ্তৃপক্ষই জাৰি কৰা বিবৃতি যোগে এই কথা স্পষ্ট কৰে।
২৯ জুলাইৰ নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হৈছিল তেওঁক ৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা চিকিৎসকৰ এটা দলে তেওঁক স্বাস্থ্য পুনৰ উন্নত কৰাৰ বাবে অহৰহ চেষ্টা কৰিছিল যদিও অৱশেষত বিফল হয়। এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰি আবেগিক হৈ কান্দিবলৈ ধৰে।