newsnextone,com | আমগুৰিঃ দেশৰ ষষ্ঠগৰাকী অতি কম বয়সৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সোমাবেৰ ২৭ সংখ্যাক মৃত্যু তিথি৷ ভাৰত ৰত্ন তথা আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল৷ ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মান যাচে৷
১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মাৰ্চত চেন্নাইৰ পৰা নিলগৰ এখন গাঁৱত তামিল উগ্ৰপন্থীয়ে আক্ৰমণ কৰাত মৃত্যুমুখত পৰে৷ কংগ্ৰেছে কেওঁলোকৰ জনপ্ৰিয় নেতাগৰাকীক সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰে৷