লংকাঃ মৃত্যু আহে সংগোপেনে৷ কাৰ মৃত্যু কত, কেতিয়া হয় কোনে জানে৷ মৃত্যু চিৰন্তন সত্য৷ মৃত্যু চিৰন্তন সত্য যদিও কেতিয়াবা কাৰোবাৰ মৃত্যুক সহজে লব নোৱাৰি৷ হয়, হোজাই জিলাৰ লংকাৰ দুই ছাত্ৰ নেতাৰ মৃত্যুক কোনেও সহজে লব পৰা নাই৷
লংকা অঞ্চলৰ সকলোৰে আপোন, আদৰৰ দুই ছাত্ৰ নেতাৰ মৃত্যুত সকলোৱে চকুলো টুকি মাত্ৰ কৈছে আমি আমাৰ সন্তানক হেৰাইছে৷ কোনোৱে কৈছে আমি ভাতৃ-বন্ধু হেৰালো৷ প্ৰকৃততে হিন্দু-মুছলমানক কন্দুৱাই অচিনা দেশলৈ মেলানি মাগিলে দুই আছু নেতা মিন্টু মুদৈ আৰু ৰাজীব দেয়ে৷ দেওবাৰে নিশা পথ দুৰ্ঘটনাত আছুৰ দুই ছাত্ৰ নেতাই অকাল মৃত্যুক সাৱটি লব লগা হয়৷