newsnextone.com | লিডুঃ কোনোবা জনৰ মৃত্যুক সহজেই লব নোৱাৰি৷ কোনোবাজনৰ মৃত্যুত সমগ্ৰ সমাজ খনেই শোকস্তদ্ধ হৈ পৰে৷ আবাল, বৃদ্ধ বনিতাই চকুলো টুকিব লগা হয়৷ এজন যুৱকৰ মৃত্যুত তেনেই এক পৰিবেশৰ সৃষ্টি হৈছে তিনিচুকীয়া জিলাৰ লিডু অঞ্চলত৷ পথ দুৰ্ঘটনাত পতিত হৈ ৰাজীৱ কোঁৱৰ নামৰ যুৱকজনে মৃত্যুক আকোৱালি লোৱাৰ পিছতে শোকস্তদ্ধ হৈ পৰে লিডু৷

তিনিচুকীয়া জিলাৰ লিডুত মঙলবাৰে নিশা ৰাজপথত থিয় দি থকা গৰুৱে হঠাৎ দৌৰ মৰাত ৰাজীৱৰ বাইকত খুন্দা মাৰে৷ ৰাজীৱ ৰাজপথতে বাগৰি পৰাত তীব্ৰ ৰক্তক্ষৰণ হয়৷ নিশা প্ৰায় ১১ বজাত লিডুৰ বিৰলা গেটত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় চিকিৎসালয় ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত সঞ্জীৱনীত ভৰ্তি কৰা হয় ৰাজীৱক৷ কিন্তু চিকিৎসাধীন অৱস্থাত যুৱকজনে বুধবাৰে মৃত্যুক আকোৱালি লয়৷ এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ পৰে৷ লিডুৰ নিবাসী নবিন কোৱৰৰ একমাত্ৰ পুত্ৰ আছিল ২৭ বছৰীয়া ৰাজীৱ কোঁৱৰ৷

অমায়িক যুৱকজনৰ মৃত্যুত লিডু অঞ্চলৰ দল-সংগঠনে শোক প্ৰকাশ কৰে৷