newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজভোগৰ ক্ষমতা হাতৰ পৰা যোৱাৰ পিছৰে পৰা সংকটৰ ক’লীয়া ডাৱৰ আঁতৰা নাই ৰকিবুলি হুছেইনৰ৷ একালৰ মহাপ্ৰতাপী মন্ত্ৰীয়ে এতিয়া সতীৰ্থৰ অভিযোগত চৰকাৰৰ ৰোষত পৰিব লগা হৈছে৷ একালৰ মহাপ্ৰতাপী মন্ত্ৰীৰ এতিয়া ঘৰে-দুৱাৰে সম্পত্তি বিচাৰি অভিযান চলাইছে ৰাজ্য চৰকাৰে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ সবিশেষ বিচাৰি অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ ভিজিলেন্সে৷
কংগ্ৰেছ নেতাগৰাকীৰ সম্পত্তি বিচাৰি বৃহস্পতিবাৰে অসম আৰক্ষীৰ এটা দল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ নেতৃত্বত দিল্লীত উপস্থিত হয়৷ দিল্লীৰ অসম ভৱনৰ সমীপৰ গুৰুগ্ৰামত ৰকিবুলৰ সম্পত্তি বিচাৰি অভিযান চলায়৷ বৃহস্পতিবাৰে গুৰুগ্ৰামৰ চাহাৰা মলৰ সমীপৰ ডিএলএফ ফেজ-২ আৰু এটা বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত অসমৰ পৰা যোৱা দলটোৱে চলাই অভিযান৷