গুৱাহাটীঃ ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি আজিও হাহাকাৰ কৰি থাকিব লগা হৈছে৷ এটুপি পানী, এসাজ ভাত, সন্তানৰ কিতাপ-পত্ৰ, কাপোৰ-কানি সকলো হেৰাই চকুলো টুকি দিন পাৰ কৰিব লগা হৈছে হাজাৰ হাজাৰ লোকে৷ জাতি-মাটি-ভেটিৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰতি দি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰে অসমৰ থলুৱা ভূমি পুত্ৰক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হয়৷
অসমৰ জনসাধৰণৰ জীৱন-সম্পত্তী সৰক্ষা দিয়াক ব্যৰ্থ হোৱা চৰকাৰ খনে বানৰ কবলত পৰি ককবকাই থকা লোকক পৰ্যাপ্ত সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হয়৷ ব্ৰহ্মপুত্ৰ নদীৰ লগতে ৰাজ্যৰ উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বাঢ়নী-পানীয়ে হাজাৰ হাজাৰ লোকৰ ঘৰ-বৰ বুৰাই পেলোৱাত আশ্ৰয় শিবিৰত থকা লোককো ৰাজ্য চৰকাৰে খাদ্য, সামগ্ৰী, কাপোৰ, ত্ৰিপাল আদি দিয়াত ব্যৰ্থ হয়৷