কোকৰাঝাৰঃ বৰ্ণবৈষম্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে তথা ভাৰত-আফ্ৰিকাৰ সম্পৰ্ক মধুৰ কৰাৰ উদ্দেশ্যক সৰোগত কৰি মেঘালয়ৰ শ্বিলঙৰ পৰা কন্যাকুমাৰীলৈ প্ৰায় ৬৭০০ কিলোমিটাৰ পথ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰা কেনিয়ান নাগৰিক পিটাৰ গুগী ওৱা ওৱামবুই (Peter Ngugi Wa Wambui) সোমবাৰে কোকৰাঝাৰত উপস্থিত হয়।
শ্বিলঙৰ পৰা যোৱা ২৮ অক্টোবৰতে ৰাওনা হোৱা পিটাৰ এনগুগীয়ে গুৱাহাটী-গোৱালপাৰা-বঙাইগাঁও হৈ প্ৰৱল বৰষুণৰ মাজতে কোকৰাঝাৰত উপস্থিত হোৱাত পিটাৰ গুগীক বিটিএডি নাথ যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাই বিপুল আদৰণি জনায়।