চাবুৱাঃ অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত শুকুৰবাৰে মাদক দ্ৰব্য সেৱন বন্ধ কৰা, জুৱা নিষিদ্ধ কৰি ল’ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাৰ আহ্বানেৰে ডিকমৰ হেজেলবেংক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়।
সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ৰবি বাৰলা, চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেউট, আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কিচুন মুণ্ডা, অবিভক্ত জিলা শাখা আটছাৰ সভাপতি লক্ষিৰাম ৰাজগড়, উপ-সভাপতি বিজয় কৈৰী, ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক মণ্টু ৰবিদাস উপস্থিত থাকে৷