ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপস্থিতি তথা বঁটা প্ৰাপ্তসকলক ৰাষ্ট্ৰপতিৰ হাতেৰে বঁটা প্ৰদানক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু ক্ষোভৰ বাবে প্ৰধানমন্ত্ৰী দপ্তৰৰ ওচৰত অসন্তোষ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷
ৰাষ্ট্ৰপতি ভৱনৰ পৰা জনোৱা হৈছে যে বঁটা প্ৰদানৰ দিনা সম্পূৰ্ণ দিন ৰাষ্ট্ৰপতি অনুষ্ঠানত যে উপস্থিত থাকিব নোৱাৰিব সেই বিষয়ে আগতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক জনোৱা হৈছিল৷ মন্ত্ৰালয়ৰ অব্যৱস্থাৰ বাবেই ৰাষ্ট্ৰপতিক লৈ ক্ষোভ আৰু বিতৰ্কৰ সৃষ্টি হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি ভৱনে৷