ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপস্থিতি তথা বঁটা প্ৰাপ্তসকলক ৰাষ্ট্ৰপতিৰ হাতেৰে বঁটা প্ৰদানক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু ক্ষোভৰ বাবে প্ৰধানমন্ত্ৰী দপ্তৰৰ ওচৰত অসন্তোষ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷

ৰাষ্ট্ৰপতি ভৱনৰ পৰা জনোৱা হৈছে যে বঁটা প্ৰদানৰ দিনা সম্পূৰ্ণ দিন ৰাষ্ট্ৰপতি অনুষ্ঠানত যে উপস্থিত থাকিব নোৱাৰিব সেই বিষয়ে আগতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক জনোৱা হৈছিল৷ মন্ত্ৰালয়ৰ অব্যৱস্থাৰ বাবেই ৰাষ্ট্ৰপতিক লৈ ক্ষোভ আৰু বিতৰ্কৰ সৃষ্টি হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি ভৱনে৷ 

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কেৱল ১১ গৰাকী বঁটা বিজেতাক নিজৰ হাতেৰে বঁটা বিতৰণ কৰিব পাৰিব বুলি খবৰ প্ৰকাশৰ পিছতেই আন ৫০ গৰাকী বঁটা বিজেতাই বঁটা প্ৰদান অনুষ্ঠানটো বহিস্কাৰ কৰে৷ তেওঁলোকে ৰাষ্ট্ৰপতিৰ ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে৷ 

আনহাতে ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী উচ্চ পদস্থ বিষয়াই কৰা অভিযোগ অনুসৰি ৰাষ্ট্ৰপতিয়েহে শেষ সময়ত কৰ্মসূচীৰ পৰিবৰ্তন কৰাৰ দৰে ঘটনাটো সৃষ্টি কৰা হৈছে৷ কিন্তু প্ৰকৃত সত্যটো হৈছে এসপ্তাহ পূৰ্বেই ৰাষ্ট্ৰপতি ভৱনৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰা হৈছিল যে অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকী কেৱল ১ঘন্টাৰ বাবেহে উপস্থিত থাকিব পাৰিব৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰপতিৰ সৈতে এক ধৰণৰ বিশ্বাস ঘাটকতাই কৰিছে বুলি মন্তব্য কৰি বিষয়া গৰাকীয়ে ইয়াৰ বাবে যি বিতৰ্কৰ সৃষ্টি হৈছে তাৰ কাৰণে ৰাষ্ট্ৰপতিগৰাকীয়ে বিব্ৰত বোধ কৰিছে বুলি জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া গৰাকীয়ে এই বিষয়ে প্ৰধানমন্ত্ৰী দপ্তৰক জনোৱা হোৱা বুলিও দাবী কৰে৷ কিন্তু এই পৰ্যন্ত প্ৰধানমন্ত্ৰী দপ্তৰৰ পৰা কোনো উত্তৰ প্ৰেৰণ কৰা হোৱা নাই৷ 

ৰাষ্ট্ৰপতি ভৱনৰ আন এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, এপ্ৰিল মাহৰ প্ৰথমতেই ৰাষ্ট্ৰপতিগৰাকীৰ সময় অসুবিধাৰ বিষয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক জনোৱা হৈছিল৷ কেৱল সেয়াই নহয়, ৰাষ্ট্ৰপতিয়ে ১১ গৰাকী বঁটা বিজেতাক নিজ হাতেৰে বঁটা প্ৰদান কৰিব বুলিও জনোৱা হৈছিল৷

ইফালে পহিলা মে’ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব এন কে সিনহাই ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ সকলো সময় সূচী চূড়ান্ত কৰিছিল বুলিও মন্তব্য কৰে বিষয়াগৰাকীয়ে৷