75
নতুন দিল্লীঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এইবাৰ আৰ এছ এছে গণ আন্দোলন গঢ়ি তুলিব। সংগঠনটোৰ দ্বিতীয় শীৰ্ষ নেতা সুৰেশ যোশীয়ে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ”অতি শিঘ্ৰে ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব। আমি আত্মবিশ্বাসী…।” ইতিমধ্যে বহু পলম হৈ গৈছে, আৰু পলম কৰিব নোৱাৰি বুলি মন্তব্য কৰে নেতাজনে।
মন্দিৰ নিৰ্মাণৰ বাবে ১৯৯২ চনৰ দৰে আন্দোলন কৰিব নেকি বুলি সোধাত তেওঁ কয়, ”আৱশ্যক হ’লে কৰিম”।