কাজিৰঙাঃ অৱশেষত কৰুণ মৃত্যুক সাৱটিলে ৰামধনে। ১০-১২ দিন ধৰি বোকাত পৰি ছটফটাই আছিল ৰামধন। কাজিৰঙাত অসুস্থ হৈ থকা ৰামধনক উদ্ধাৰ কৰিবলৈ দেওবাৰে গুৱাহাটীৰ পৰা আহি  উপস্থিত হৈছিল চিকিৎসক আৰু উদ্ধাৰকাৰী দল।

দেওবাৰে পুৱাই গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য চিকিৎসক কুশল শৰ্মা আৰু আছাম এলিফেণ্টছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ কৌশিক বৰুৱা সহ এটি উদ্ধাৰকাৰী দল আহি উপস্থিত হৈছিলহি পাণবাৰী আদৰ্শ মিছিং গাঁৱত।

লগতে হাতীটোক উদ্ধাৰৰ বাবে এখন জেচিবি আৰু এখন ক্ৰেন অনা হয় ঘটনাস্থলীলৈ। চিকিৎসকৰ দলটোৰ সৈতে লণ্ডনৰ পশু চিকিৎসা বিজ্ঞানৰ ছাত্ৰী কেৰীও উপস্থিত আছিল। বৰ্তমান কাজিৰঙাৰ CWRC ত প্ৰশিক্ষণ লৈ থকা কেৰীয়ে এই ঘটনাৰ বিষয়ে জানিব পাৰি ঢপলিয়াই আহি হাতীটোক চিকিৎসা প্ৰদান কৰে।

গুৱাহাটীৰ পশু  চিকিৎসকৰ দলটিৰ সৈতে লগ হৈ ঘণ্টা ঘণ্টা জুৰি এই হাতীটোক চিকিৎসা চলাই যায়। ইয়াৰ পাছতো সুস্থ হৈ নুঠাত ব্যৱহাৰ কৰা হয় ক্ৰেণ আৰু জেচিবি। আৰম্ভ হয় এক শ্বাসৰুদ্ধকাৰী অভিযান।

বিশেষ বেল্ট আৰু ৰছী ব্যৱহাৰ কৰি হাতীটোক উদ্ধাৰৰ চেষ্টা চলাই যদিও প্ৰতিবাৰেই এই চেষ্টা বিফল হয়। কিন্তু বাৰম্বাৰ চেষ্টাৰ অন্ততো যোৱা নিশা মৃত্যুৰ সৈতে হাৰ মানে ৰামধনে। বহু চেষ্টা কৰিও ৰামধনক সুস্থ কৰি তুলিব নোৱৰাত হতাশ হৈ পৰিছে কেৰী। সময়মতে চিকিৎসা প্ৰদান কৰা হ'লে হাতীটোক জীয়াই ৰাখিব পৰা গ'লহেতেন বুলিও মন্তব্য কৰে কেৰীয়ে।

উল্লেখ্য যে যি সময়ত হাতীটোৰ চিকিৎসাৰ ক্ষেত্রত বন বিভাগ গভীৰ নিদ্ৰাত আছিল সেই সময়ত লণ্ডনৰ এইগৰাকী ছাত্ৰীয়ে হাতীটোৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছিল। ৰামধনৰ মৃত্যুত সমগ্ৰ কাজিৰঙাতে শোকৰ ছাঁ পৰিছে।