তিনিচুকীয়াঃ ২০১৪ৰ লোকসভা নিৰ্বাচনত জয় লাভৰ পিছতেই উক্ত বৰ্ষৰ নৱেম্বৰ মাহত তিনিচুকীয়া জিলা সদৰৰ সমীপৱৰ্তী লাংকাছি পঞ্চায়তক মডেল পঞ্চায়তৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে। কিন্তু আদৰ্শ পঞ্চায়তৰ সপোন কাৰ্যতঃ অসাৰ ঘোষণালৈ পৰ্যবসিত হৈছে।
২০১৪ চনৰ নৱেম্বৰত লাংকাছি পঞ্চায়তক আদৰ্শ পঞ্চায়ত হিচাৱে গঢ়ি তোলা হ’ব বুলি স্বয়ং সাংসদগৰাকীয়ে ঘোষণা কৰাৰ পৰা আজিৰ তাৰিখলৈকে পঞ্চায়তখনত কোনোধৰণৰ উন্নয়নৰ প্ৰয়াস স্থানীয় ৰাইজে দেখিবলৈ পোৱা নাই। বিগত আঢ়ৈ বছৰে লাংকাছি পঞ্চায়তৰ অন্তৰ্গত শুকানী, তামুলীখাট, বজালনী, মাচুৰীপট্টি, মঠলা নগাঁও, ডিমৰুহোলা, ধূলিজান, লাংকাছি গাঁৱৰ ৰাইজে এশ এটা সমস্যাৰ মাজত দিন কটাবলগীয়াত পৰিছে।