ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচন ৰাম মন্দিৰক কেন্দ্ৰ কৰিয়েই পাৰ কৰিবলৈ সাজু সংঘ পৰিয়ালে। ৮ ফেব্ৰুৱাৰিৰ পৰা উচ্চতম ন্যায়ালয়ত ৰামমন্দিৰ শুনানী আৰম্ভ হ’ব। সপ্তাহত তিনিদিন মঙল, বুধ আৰু বৃহস্পতিবাৰে শুনানী চলিব। ইফালে, বিশ্ব হিন্দু পৰিষদৰ আন্তৰ্জাতিক সাধাৰণ সম্পাদক চম্পত ৰাইয়ে জনোৱা অনুসৰি, শুনানীৰ বাবে উচ্চতম ন্যায়ালয়ত ত্ৰিশ দিন অৰ্থাৎ ৯০ ঘন্টাই যথেষ্ট৷ সপ্তাহত ৯ ঘন্টা শুনানী চলিলেই এক মাহৰ ভিতৰত সেয়া সমাপ্ত হ’ব লাগে৷
বেছি হলে ১৮ মেৰ পৰা দেশৰ শীৰ্ষ আদালতত গৰমৰ বন্ধ আৰম্ভ হোৱাৰ পূৰ্বেই শুনানী শেষ হ’ব লাগে বুলি তেওঁ আশা কৰিছে৷ ইয়াৰ পিছত ৰায় লিখিবলৈ প্ৰায় চাৰি মাহ লাগিব ৷ সেইবাবেই চম্পত ৰাইয়ে আশা কৰিছে যে, ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ ৰায় আহি যাব লাগে৷ ইফালে, প্ৰধান বিচাৰপতি দীপক মিশ্ৰই অৱসৰ লব ২ অক্টোবৰত৷ তেওঁৰ নেতৃত্বাধীন বেঞ্চতে এই গোচৰৰ শুনানী চলিছে৷